BAULI LYRICS
বাউলী ৰাতিৰে সপোন ফালি
ভাঙিছে গঢ়িছে সুৰ একাঁজলি
মোৰ মন বসন্ত হৈ উৰিছে
ফাগুনী বতাহজাকো বলিছে
তুমি চুই দিলেই আকৌ সেউজীয়া পৃথিৱী
তোমাতেই সোণালী ধাননি ডৰা
বতাহ এলাগী লাগি এছাটি
উশাহৰে পাৰ খহায়
সেন্দুৰী গধূলিত ভাগৰুৱা বেলি
বৈৰাগী হৈ জিৰায়
ৰাগী লাগি সপোনৰে দিঠকে বুজায়
সাতোৰঙী উপমাৰে কাহিনী সজাই
তুমি চুই দিলেই আকৌ সেউজীয়া পৃথিৱী
তোমাতেই সোণালী ধাননি ডৰা
Album: DWITIYO BOXONTO
Vocal, Tune & Lyrics: Hiranjit
Music: Anupam Konwar
Mix & Mastering: Anupam Konwar